JOIN OUR TELEGRAM CHANNEL 

JOIN NOW



(Assamese Gk) অসমৰ বুৰঞ্জী ::অসমৰ চমু পৰিচয় ll gk in assamese


>Indian history in assamese part:1


>Indian history gk in assamese PART 2


>Daily Current Affairs 2021 visit now


সূচীপত্ৰ:

◆অসম নামৰ উৎপত্তি

◆অৱস্থিতি

◆চাৰিসীমা

◆মাটিকালি

◆প্ৰাকৃতিক বিভাগ

◆প্ৰধান নদী

◆ব্ৰহ্মপুত্ৰ ৰ প্ৰধান উপনদী সমূহ

◆অসমৰ আন কেইখন মান প্ৰধান নদী আৰু সিহঁতৰ উপনদী

◆ব্ৰহ্মপুত্ৰ ৰ প্ৰধান নদীদ্বীপ

◆সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা

◆গড় তাপমান

◆বৰষুণৰ পৰিমাণ

◆জলবায়ু

◆প্ৰধান পাহাৰ

◆প্ৰধান বিল

অসমৰ ৰাষ্ট্ৰীয় উদ্যান

◆অসমৰ কাষৰীয়া ৰাজ্য



◆অসম নামৰ উৎপত্তি

   'অসম' নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নােৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্রসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্রাগজ্যোতিষপুৰ (পূবৰ

পােহৰৰ নগৰ) আছিল গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চল। ত্রয়ােদশ শতিকামানত

আহােমসকলে এই ভূখণ্ড জয় কৰাৰ পিচত ‘অসম’ নামটোৰ প্ৰচলন হয়। আহােম

স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ

শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহােম আদি শব্দৰ

প্রচলন লক্ষ্য কৰা যায়।

       

    অসম নামৰ উৎপত্তি সম্বন্ধে কোনাে পণ্ডিতে পােষণ কৰে যে, এই ভূখণ্ড পর্ব-পাহাৰেৰে

অসমান হােৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্রাকৃতিক

সৌন্দর্যত অসমৰ সমতুল্য আৰু কোনাে নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল। আন কোনাে

কোনাে পণ্ডিতৰ মতে আহােম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহােম’ শব্দটোৰ পুৰা

অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহােম হৈছেনে, আহােম শব্দটোৰ পৰা অসম হৈছে,

তাক সঠিককৈ ক'ব নােৱাৰি। সংস্কৃতত ‘অ-সম’ শব্দটোৰ অৰ্থ যাৰ সমান কোনাে নাই’

অথবা প্রতিদ্বন্দ্বীহীন, অদ্বিতীয়। অর্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু

কোনাে ক’তাে নাই। ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অর্থ বুজাবৰ

বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্রাচীন আহােম ভাষাত ‘ছাম’ মানে পৰাজিত।

তাৰ লগত অসমীয়া ‘আ’ উপসর্গ যােগ কৰিলে হয় “আ-ছাম’, অর্থাৎ, অপৰাজেয় অথবা

বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ Indian Village Community নামৰ গ্ৰন্থত

অসম নামটো এই ভূখণ্ডৰ আদিম জনগােষ্ঠী বড়ােসকলৰ ‘ছাে-ছাম’ (নিম্নভূমি বা সমভূমি)

শব্দৰ পৰা আহিছে বুলি কৈছে।


     অসম ইংৰাজৰ অধীনলৈ যােৱাৰ পাছৰ পৰা ‘আছাম’ আৰু ‘আসাম’ শব্দ দুটা প্রচলিত

হৈ পৰে। শেষত এই ভূখণ্ড ‘অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বােলা

হ'ল। ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ৰ ইংৰাজী ASSAM বুলি লিপ্যন্তৰ কৰে।



অৱস্থিতি

  অসম ভাৰতবৰ্ষৰ উত্তৰ-পূব কোণত অৱস্থিত এখন ৰাজ্য। ভৌগােলিক অৱস্থান অনুসৰি

অসম ২৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্রী উত্তৰ অক্ষাংশ আৰু প্রায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্রী পূব

দ্রাঘিমাংশত অৱস্থিত।



চাৰিসীমা

   অসমৰ উত্তৰে অৰুণাচল প্রদেশ আৰু ভূটান; পূবে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা; পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ।

ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগােলিকভাৱে

ভাৰতৰ আন অংশৰ সৈতে সংলগ্ন।



মাটিকালি

  ৭৮, ৪৩৮ বর্গ কিলােমিটাৰ।



প্রাকৃতিক বিভাগ

    অসমৰ ঘাই প্রাকৃতিক বিভাগ তিনিটা। উত্তৰত     পূর্ব-পশ্চিমাকৈ (১) ব্রহ্মপুত্র উপত্যকা,দক্ষিণত (২) বৰাক উপত্যকা আৰু এই দুই উপত্যকাৰ মাজত (৩) কাবি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল।



প্রধান নদী

অসমৰ প্রধান নদীখনৰ নাম ব্রহ্মপুত্র। ব্রহ্মপুত্র নদী হিমালয়ৰ মানস সৰােবৰৰ পূবফালে

অৱস্থিত ‘টামচুক খামবাৰ’ (প্রায় ৩১ ডিগ্রী উত্তৰ অক্ষাংশ আৰু ৪২ ডিগ্রী পূর্ব দ্রাঘিমাংশ)

নামৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী অসমৰ মাজেদি বৈ গৈ

বংগােপসাগৰত পৰিছে। ব্রহ্মপুত্র নদী দীঘলে প্রায় ২,৮৮০ কিলােমিটাৰ আৰু এই নদীৰ প্রায়

৭২৫ কিলােমিটাৰ অংশ অসমৰ মাজেদি বৈ গৈছে।



◆ব্রহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ

   সােৱণশিৰী, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, নদিহিং, দিচাং, দিখৌ,

জাঁজী, ভােগদৈ, ধনশিৰি, কপিলী, জীয়াটল, ৰঙানৈ, দিক্রং, বুৰৈ বৰগাং,চম্পাৱতী,সৰলভাঙা,সোণকোষ, ডিব্ৰু,বুঢ়ীদিহিং, ডিগাৰু,কুলসী, শিংৰা,দুধনৈ,কৃষ্ণাই, জিঞ্জি ৰাম আদি।




◆অসমৰ আন কেইখনমান প্রধান নদী আৰু সিহঁতৰ উপনদী



নদী

উপনদী

বৰাক

যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সােণাই, লংগাই,

শিংৰা, ৰাকনি, ধলেশ্বৰী, মাধুৰা, চিৰি আদি।

সােৱণশিৰী

চাৰিকৰীয়া, কুমতীয়া, জীয়াটল

নদিহিং

ডিৰাক

ডিব্ৰু

ডাঙৰী,ডুমডুমা

বুঢ়ীদিহিং

টিপলিং, টিংৰাই, নামচাং, চেঁচা

কাকডােঙা

ধলী

ধনশিৰি

দৈয়াং, নামবৰ, কলিয়নী

মানাহ

আই

কপিলী

বৰাপানী, যমুনা, কিলিং




◆ব্ৰহ্মপুত্ৰৰ প্রধান নদীদ্বীপ

       মাজুলী আৰু উমানন্দ। ইয়াৰে মাজুলী হৈছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ (মাটিকালি প্রায়

১০৬০ বর্গ কিলােমিটাৰ 2001 ৰ মতে) আৰু উমানন্দ পৃথিৱীৰ ক্ষুদ্রতম নদীদ্বীপ।



◆সমুদ্র পৃষ্ঠৰ পৰা উচ্চতা

   অসম সমুদ্র পৃষ্ঠৰ পৰা গড়ে প্রায় ৭৯.৫ মিটাৰ উচ্চতাত অৱস্থিত: শদিয়া ১৩৪ মিটাৰ,

ডিব্ৰুগড় ১০৪ মিটাৰ, গুৱাহাটী ৫০ মিটাৰ, গােৱালপাৰা ৩৭ মিটাৰ আৰু ধুবুৰী ২৮ মিটাৰ।



◆গড় তাপমান

  অসমৰ তাপমান গ্রীষ্মকালত সর্বোচ্চ গড়ে ৩০ ডিগ্রী চেলছিয়াছ আৰু শীতকালত গড়ে ১৬

ডিগ্রী চেলছিয়াছৰ মাজত থাকে।



◆বৰষুণৰ পৰিমাণ

 অসম মৌচুমী অঞ্চলৰ ভিতৰতে এখন অধিক বৰষুণ হােৱা ঠাই। ইয়াৰ গড় বৰষুণ বছৰি

১৭৮ চেণ্টিমিটাৰৰ পৰা ৩০৫ চেণ্টিমিটাৰ। সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত

ইয়াত বৰষুণ হয়।



◆ জলবায়ু

  অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল,দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে ।অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক।অসমৰ জলবায়ুক (১)শীত,(২) প্রাক্‌ মৌচুমী, (৩) মৌচুমী আৰু (৪) উত্তৰ মৌচুমী,- এই চাৰিটা ঋতুত ভগাব পাৰি।

নৱেম্বৰ-জানুৱাৰী : শীত; ফেব্ৰুৱাৰী-এপ্রিল ও প্রাক্‌ মৌচুমী; মে’-জুলাই ও মৌচুমী; আগষ্ট-

অক্টোবৰ : উত্তৰ মৌচুমী। অসমত গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য অংশতকৈ তুলনামূলকভাৱে

কম;শীতকালতাে জাৰৰ মাত্রা তীব্র নহয়।



◆ প্রধান পাহাৰ

    মিকিৰ পাহাৰ, বৰাইল, বুঢ়া পাহাৰ, নীলাচল, ভােমােৰাগুৰি, শ্রীসূর্য, পঞ্চৰত্ন, ৰাক্ষসিনী, পাগলাটেক, টুক্রেশ্বৰী, ৰেংমা, চিত্ৰাচল, নৱগ্রহ, নখখালা আদি।



◆প্রধান বিল

   বগীবিল, কাৱৈাৰী, ডিপৰ, চান্দডুবি, গেলাবিল, মেৰবিল, মৰিকলং, কাছমাৰীজান, বৰডুবি

আদি।



অসমৰ ৰাষ্ট্ৰীয় উদ্যান

   2021 চনৰ অনুসৰি অসম ৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান ৰ সংখ্যা 7 খন


1)কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান


2)ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান


3)ওৰাং


4)মানাহ 


5)নামেৰি


6)ৰাইমনা


7)দিহিং পাটকাই



◆অসমৰ কাষৰীয়া ৰাজ্য

  অসমৰ কাশৰীয়া ৰাজ্য ছয় খন ।সেই কেইখন হল:



ৰাজ্য

ৰাজধানী

অৰুণাচল প্ৰদেশ

ইটানগৰ

মেঘালয়

শ্বিলং

নাগালেণ্ড

কহিমা

মণিপুৰ

ইম্ফল

মিজোৰাম

আইজল

ত্ৰিপুৰা

আগৰতলা


>Download our Online Quiz App

>How to create a free blog

(উৎস-নতুন জানানে শান্তনু কৌশিক বৰুৱা & প্ৰীতিমা কৌশিক বৰুৱা)

Post a Comment

Previous Post Next Post